১৭ নম্বৰ

শিলঘাট অভিমুখী ট্ৰেইনত বহি আছিলো৷ ডবাটোত মানুহ কম, এজন-দুজনকৈ আহি আছে৷ আচলতে ট্ৰেইন চলিবলৈ অলপ সময় আছে৷

: ঐ নিহয় পদুম দেখোন৷— নতুনকৈ সোমাই অহা এজনৰ মাত৷ মই চকু ফুৰালো, পদুম কোনজন৷
: অ’ ৰমাই, আহ আহ, বহ৷— পদুমৰ উচাহভৰা মাত৷

ৰমাই গৈ পদুমৰ লগত বহিল৷ দুয়োজনৰ বাৰ্তালাপ আৰম্ভ হʼল— কোনজন কʼত থাকে, কিমান দিন লগালগি হোৱা নাই, খেতি-বাতি, লʼ-ছালী, ঘৰৰ ঘৈণী— অনেক বিষয়৷ ইতিমধ্যে ডবাটো প্ৰায় ভৰ্তি হৈছিল, ট্ৰেইনো চলিবলৈ ধৰিছিল৷ প্ৰচণ্ড গৰমত বতাহ অকণে চোৱক বুলি খিৰিকীৰ কাষত চেপেটা লাগি আছোঁ যদিও ৰমাই-পদুমৰ কথাবোৰ মন কৰি আছোঁ৷

: তবে?— পদুমৰ মাত৷
: তবে?— ৰমাইয়ে বুজিবলৈ চেষ্টা কৰিছে৷
: ধেই! বোলো মুহুদি অকণৰ ব্যৱস্থা কৰ৷
ৰমায়ে কথাটো বুজি হাঁহি এটা মাৰিলে৷ ‘হৰৌ, তাকে খোলোচাকৈ ক৷ʼ কথাষাৰ কৈ ৰমাইয়ে পাঞ্জাবী চোলাৰ জেপৰ পৰা খবৰ কাগজেৰে মেৰিওৱা নুৰা এটা উলিয়ালে৷ জিনিচটো কি বুলি মই চকুৰ টিপ নমৰাকৈ চাই থাকিলো৷ খবৰ কাগজখিলাৰ বান্ধটো খুলি ৰমাইয়ে এনুৰা চাধা উলিয়াই তাৰে অলপ ছিঙি লʼলে৷

: হৰৌ ৰমাই, বোলো কথা কি, পেকেট এৰি যে পাতত ধৰিলি?— মই বুজিলো, আগতে ৰমাইয়ে নিয়মীয়াকৈ পেকেটৰ চাধা খাইছিল৷
: পাত চেধাতকৈ ভাল পালেও আজিকালি পেকেট বাদ দিলো বুজিছ৷
: নিহয় কিয়?
: এহ্ নকবি আৰু, পেকেটত তোৰ যিহে কেঁকোৰা এটাৰ ছাব মাৰি দিয়ে আৰু আজিকালি কেঞ্চাৰ হোৱা মানুহ এটাৰ মুখৰ ছাব মাৰি দিয়ে, ভয়েই লাগে দেচোন৷ গতিকে পাত খাওঁ, পাতত কে* কʼত ছাব মাৰিব?— ঢেকঢেকাই ৰমাইয়ে হাঁহি দিলে৷ মই সেইফালেই জলভৰ দিলো৷

: তয়ো মহা বেকাৰ্ড দেই৷— পদুমৰ মাতত মই আকৌ এটেনশ্যন মুডলৈ আহি গʼলো৷
: বেকাৰ্ড?— ৰমাইয়ে ঘটনাটো বুজা নাই৷
: হৰৌ বেকাৰ্ড বেকাৰ্ড, পিছপৰা৷
: নিহয়, কিয়?
: হৰৌ, কেঞ্চাৰ কে* কোনো বেমাৰেই নহয়৷— পদুমৰ ভয়ংকৰ চিঞৰত ডবাটোৰ সকলোৱেই তেওঁলৈ চাবলৈ বাধ্য হʼল৷
: বেমাৰ নহয়? তবে কি সেইডাল?— ৰমাই দস্তুৰমত বিবুদ্ধি৷ ৰমাইয়ে নে, ডবাটোৰ সকলো৷
: ১৭ নম্বৰ ভিটামিনৰ অভাৱটোকে কেঞ্চাৰ বুলি কোৱা হয়, বুজিলি?
: কি কথা কʼবলৈ আহিছ? তেজবেলি আমাৰ বৰটো ককাইদেউ মানে ১৭ নম্বৰ ভিটামিন নেপাইহে মৰিল? পিথিপীখনৰ লাখ-বিলাখ মানুহ ১৭ নম্বৰটো নেপাইহে মৰিছে বালক?
: অঁ৷
: তোকনো কে* কোন ডাক্তৰে কʼলে অʼ?
: এজন দুজনে কোৱা নহয় ঔ, এগালমান ডাক্তৰে কৈছে৷
: কোন হাস্পতালৰ ডাক্তৰ অʼ?
: ফেচবুকৰ ডাক্তৰ৷
: ফেচবুক? সেইখন হাস্পতাল কʼত?
: তই নিহয় সঁচাকৈ মহা বেকাৰ্ড দেই৷ তই এই লʼৰ-ছালীমখাৰ হাতে হাতে ইটা চপৰাটোমান ফোন একোডাল দেখিছ নে নাই?
: সেইডাল ফোনহে নেকি? মই আকʼ আইনাখনত ইফালে-সিফালে আঙুলিৰে আঁচ টানি থকা দেখি সেইডাল কিবা জৰীপ-চৰীপ কৰা যন্ত্ৰ বুলিহে ভাবিছিলো৷ তাকেহে বালক, বোলো গোটেইমখানো জৰীপ বিভাগতে সোমালনে! অঁ বুজিলো বাৰু, সেইডাল ফোন, পিছে সেইডালৰ লগত ফেচবুক হাস্পতালৰ যোগটো কʼত?
: সেই ইটা চপৰাহেন ফোনবোৰতে তোৰ এই ফেচবুকডাল সোমাই থাকে৷ আৰু সেই ফেচবুকতে এই ডাক্তৰমখাও সোমাই থাকে৷ কিয়, আমাৰ ঢেই ৩৬৫ আৰু নিউজ লাই বোলা টিভিত যে ওলায়— আমাৰ পাঠক ডাক্তৰ, সেইজনাইয়ো পহিলাতে তোৰ এই ফেচবুকতেহে পেকটিচ কৰিছিল৷
: তবে বুজ! মই এতিয়াহে অলপ তৎ ধৰিছোঁ বালক৷ পিছে তই ইমানখন গিয়ানৰ সাগৰ হলি কেনেকৈ, তোৰো আছে নেকি ইটা চপৰা ফোন?

পদুমে প্ৰথমে প্ৰাণ খুলি হাঁহি লʼলে৷ তাৰ পাছত আত্মতুষ্টিত গদ গদ হৈ ক’লে— ‘নাই অʼ নাই৷ আমাৰ সৰুমইনা যে, ভতিজাটো,— সিয়ে চব গিয়ান ডেলিভাই দি থাকে৷ সি তোৰ দিনৰ দিনটো সেইখন হাস্পতালতে ঘানি-পাগুলি থাকে নহয়৷
: এঁ?
: অঁ, সিয়েই বোলে— খুৰাই, ফেচবুকৰ ডাক্তৰমখাই ৰিচাচ-ফিচাচ কৰি এইবোৰ উলিয়াইছে৷
: ইচ্ ইচ্ ইচ্!
: কি হʼল তোৰ?
: আগতে যদি জানিলোহেঁতেন ঐ, বৰটো ককাইদেউ আজি জীয়াই থাকিল হয়!— ৰমাইৰ মাতটো অলপ থোকাথুকি৷ ‘১৭ নম্বৰটো থকা হৰলিক্স দুবটলমান খুৱায়েই তাক বচাব পাৰিলোহেঁতেন অʼ দেহি৷ মিছাতে মাটিসোপা বেছি ভেলোৰলৈ তাঁত-বাতি৷ আজি বোলে অপাৰেচন, কাইলৈ বোলে কিমা থেৰেপি…৷ অস্ অস্ অস্৷
: দুখ নকৰিবি ৰমাই৷ হোৱাটো হৈ গʼল৷ এতিয়াতো বুজিলি কথাটো৷
: বুজিলো বুজিলো৷ এতিয়া মোক কে* কোনে পায়!
: কিয়, কি কৰিবি এতিয়া?
: কি কৰিম মানে! আজিৰ পৰা কে* পাত বন্ধ, পেকেট চুৰু৷ লগত ১৭ নম্বৰী হৰলিক্স পুৱা-গধূলি দুপালি৷ খেক্ খেক্ খেক্…৷

মই সেইফালেই ননচেঞ্চ হৈ গʼলো, চেঞ্চ এতিয়াও অহাই নাই৷

আপোনাৰ আৰু ভাল লাগিব পাৰে:

পল্লৱপ্ৰাণ গোস্বামী

'নীলা চৰাই'ৰ প্ৰতিষ্ঠাপক আৰু সম্পাদক। সাংস্কৃতিক কৰ্মী।

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz