ফুটপাথৰ জীৱন

প্ৰকাশ: ১২ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ৫ মাৰ্চ, ২০১৮

তন্দ্রালস নিশাবোৰ সিহঁতৰ
সপোনে বুটা বাছি সজাই নোতোলে
ৰঙা বেলিটোৱে আল্পনা আঁকিবলৈ কিন্তু
সিহঁতৰ পজাঁবোৰত সুৰুঙাৰ অভাৱ নাথাকে।

জহকালিৰ উত্তাপ সাৱটি অভ্যস্ত হোৱা সিহঁতৰ বাবে
বৰষুণ কেতিয়াও কবিতা নহয়,
জুপুৰিৰ তলৰ আভিমানবোৰ য’ত
জীৱনৰ দিয়া-নিদিয়াৰ ধেমালিত ভিজি ৰয়।
চেঁচা শেতেলিত যেতিয়া নিদ্রাহীনতাই উচুপে,
আভিজাত্যৰ উমত লহপহীয়া হোৱা গৌৰৱেৰে
সিহঁতে ক’ব নোৱাৰে
শীত প্রিয় ঋতু এটাৰ এক অনন্য অভিন্ন নাম।

নগ্ন শৈশৱ
আহত কৈশোৰimage
ভগ্ন যৌৱন
আৰু ক্ষুধার্ত মৃত্যু একোটিত সহজে শেষ হয়
মৰুভুমিময় ৰুক্ষ জীৱন।

সিহঁতৰ স্থবিৰ জীৱনৰ ইতিহাস একোটিত
এটুকুৰা ৰুটি, এখন কাপোৰেই
অমিয়া মধুৰ শব্দৰ চানেকি হয়
নিশ্চিন্ত আৰু নিৰাপদ আশ্রয় এটিয়েই
সিহঁতৰ সপোনৰ ঘৰখন নাম পায়।

ছবিঃ ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্বন নন-কমাৰ্চিয়েল শ্বেয়াৰ এলাইক ২.০ জেনেৰিক লাইচেন্সৰ আধাৰত উপলব্ধ
মূল ৱেবছাইটঃ ফ্লিকআৰ

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts