আই

প্ৰকাশ: ৯ জানুৱাৰী, ২০১২ | অন্তিম সম্পাদনা: ৩০ ছেপ্তেম্বৰ, ২০২২

মোক তোমাৰ কোলাত শুবলৈ দিয়া, তোমাৰ আঁচলৰ ছাঁত। আঁতৰ কৰা মোৰ সমস্ত অৱসাদ। চুলিত আঙুলি বুলাই তুলি দিয়া মোক নিদ্রাৰ কোলাত। সঁচাকৈয়ে আই এতিয়া বিচাৰি ফুৰিছোঁ মই অলপ মৰম, অলপ ভালপোৱা।

সেয়ে পুনৰ শিকিব বিচাৰিছোঁ শৈশৱৰ আদিপাঠ। মাটি-পেঞ্চিল আৰু ফলিখন মোক বিচাৰি দিয়া, শিকাই দিয়া ‘অ’ আৰু ‘ক’ৰ ভাঁজ। মোক গা ধুৱাই দিয়া, কাপোৰ পিন্ধাই দিয়া, ভাত খুৱাই দিয়া, কঁপালত আঁকি দিয়া এটা ডাঙৰ ফোঁট (ক’লা ফোঁটত পাউদাৰ দিবলৈ নাপাহৰিবা আই)। মোৰ স্কুলৰ মোনা, পানীৰ বটল আৰু ছাতিটো দিয়া, আগবঢ়াই দিয়া পদূলিমুখলৈ।

ৰাস্তাৰ বাওঁফালে যাম নে সোঁফালে…! আই, মই কেইবাবাৰো ভুল কৰি ৰাস্তাৰ ওলোটাফালে গৈছোঁ। এতিয়াৰ পৰা মই সদায় বাওঁফালে যাম আৰু ঘূৰি আহি তোমাৰ কোলাত শুম, তুমি মোৰ চুলিত আঙুলি বুলাবা, মই শুনি টোপনি যাম— আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ…!

আই | কবিতা | কুঁহিশিখা ভূঞা

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ

Secure payment | PhonePe, Google Pay, Amazom Pay, Paytm

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।


.

One response to “আই”

  1. Abdul Hamid Avatar
    Abdul Hamid

    Kobitatu pori bhal lagiche.sheishob kalor horu horu kothabure aair ochorot juwar ichcha jagil.kobitato aaru improve korar thai aache buli mur dharona.

Leave a Reply

Your email address will not be published. Required fields are marked *

আপোনালৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘নীলা চৰাই’ক আপুনিও সহায় কৰিব পাৰে। আপোনাৰ আৰ্থিক বৰঙণিৰে এই যাত্ৰাৰ সহযাত্ৰী হওক।

UPI-ৰ জৰিয়তে বৰঙণি আগবঢ়াবলৈ স্কেন কৰক:

Secure payment | Powered by UPI

আৰ্থিক সহযোগিতাৰ বাহিৰে আপুনি এই লেখা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিও আমাক সহায় কৰিব পাৰে। ওপৰৰ ফেচবুক/টুইটাৰ বাটনত ক্লিক কৰি লেখা শ্বেয়াৰ কৰিব পাৰিব।

Similar Posts