বসন্তৰ গান

[ বুবুল কলিতা ]

বসন্তৰ গানবোৰ মই এতিয়া পাহৰিলো
imageআধা মনত আছে, আধা হেৰাল
বিপন্ন স্মৃতিৰ আধা পোহৰ
আধা এন্ধাৰত সিহঁত একাকাৰ হৈ আছে

মই যেতিয়া সৰু আছিলো
বসন্তৰ
গানবোৰ গছৰ পাতে পাতে
ডালে ডালে বতাহত ভাহি আছিল
লাগি লাগি আছিল চুলিয়ে চুলিয়ে
জেতুকাৰ দুহাতে

বসন্তৰ গানবোৰ এতিয়া
বসন্তৰ পৰা পলাই আছে
কৰবাত ভাহি আছে
ক’ৰবাত উৰি আছে

বসন্তৰ গান— কি যে মিঠা, সুৰীয়া
একো একোটা গান
সৌন্দৰ্যহীন অদৃশ্যমান, শূন্যতাত ভাসমান
জীৱনৰ গান— সেয়াই বসন্তৰ গান।

ছবিঃ ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্বন নন-কমাৰ্চিয়েল ৩.০ আনপৰ্টেড লাইচেন্সৰ আধাৰত উপলব্ধ
মূল তৈয়াৰ কৰোঁতাঃ ১২৩ফ্ৰিভেক্টৰ.কম

নীলা চৰাই . জানুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

Be the First to Comment!

মন্তব্য দিয়ক:

wpDiscuz