ইউনিকোডঃ এক নতুন যুগৰ আৰম্ভণি

[ ডা. বনজীৎ পাঠক ]

image

কোৱা হয় যে কোনো বস্তুৱে স্থায়ী নহয়, সকলো পৰিৱৰ্তনশীল। সময়ৰ লগে লগে সকলোৰে পৰিবৰ্তন আৱশ্যম্ভাৱী। একোখন সমাজ বা একোটা জাতিৰ ক্ষেত্ৰতো এই কথাটো প্ৰযোজ্য হয়। কোনো এক ভাষাৰ প্ৰকাশ হয় কথা তথা লিপিৰ দ্বাৰা। এই লিপি প্ৰকাশ কৰা মাধ্যমৰো পৰিৱৰ্তন ঘটে। সময়ৰ লগত খোজ মিলাই পৃথিৱীৰ প্ৰায় সকলো  লিপিয়ে বিভিন্ন সময়ত বিভিন্ন মাধ্যমৰ দ্বাৰা বিকশিত হৈ আহিছে।  অতীজত  শিলৰ ওপৰত খোদিত লিপি, তাৰ পিছত তাম্ৰলিপি বা অন্য ধাতুৰ ওপৰত খোদিত কৰি লিখা আখৰ, ইয়াৰ পিছৰ পৰ্যায়ত সাঁচিপাত বা তুলাপাতত লিখা কাৰ্য আদি বিভিন্ন সময়ত হোৱা লিপিৰ মাধ্যমৰ উদাহৰণ। ছপাশালৰ আৱিষ্কাৰৰ পিছত এই লিপিৰ মাধ্যমৰ এটা আমূল পৰিৱৰ্তন ঘটে আৰু লিখাৰ বাবে মূল মাধ্যম হৈ পৰে কাগজ। এই কাগজে যোৱা কেইবাটাও শতিকা ধৰি পৃথিৱীত  ভাষাৰ লিখিত ৰূপত প্ৰকাশ কৰাৰ বাবে এটা অতি শক্তিশালী মাধ্যম ৰূপে পৰিগণিত হৈ আহিছে। ছপাশালৰ আৱিষ্কাৰ ১৭শ শতিকাতে হয় যদিও অসমীয়া আখৰৰ বাবে প্ৰথম ছপাৰ বাবে আখৰ (typeset)  তৈয়াৰ কৰা হয় বাংলা আখৰৰ সৈতে একেলগে ১৭৭৬ চনত, কলিকতাত। এই typeset তৈয়াৰ কৰা বা ব্যৱহাৰ কৰাৰ লগে লগে অসমীয়া লিপিয়ে এটা নতুন মাধ্যমলৈ গতি কৰে। সাঁচিপাতৰ লিখন/ তাম্ৰফলি আদিৰ পৰা লাহে লাহে কাগজলৈ অসমীয়া লিপিয়ে গতি কৰিলে আৰু আজিও এই মাধ্যমটোৱেই প্ৰধানকৈ চলি আছে। আমি আজি এখন কাগজ-বিহীন সমাজৰ কথা চিন্তা কৰিব নোৱাৰোঁ।

সময় গতিশীল, ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। আজি আমাৰ জীৱনত কম্পিউটাৰ তথা ইলেকট্ৰনিক মাধ্যম বা সঁজুলিৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে, বৰ্তমানে কম্পিউটাৰ, ম’বাইল আদিৰ বিনে জীৱন ধাৰণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। কিন্তু আজিৰ পৰা অন্ততঃ কুৰি বছৰ আগতেও এনেকুৱা নাছিল। সময়ৰ লগে লগে মানুহৰ জীৱন ধাৰণ শৈলী সলনি হৈ পৰে। আমি ইয়াৰ লগত নিজকে খাপ খুৱাই চলিব‍ই লাগিব।

কম্পিউটাৰ-মোবাইলৰ ব্যৱহাৰ বঢ়াৰ লগে লগে  কোনো ভাষাৰ লিপি এই ইলেকট্ৰনিক মাধ্যমত দেখা পোৱা বা ব্যৱহাৰ কৰাটোও অপৰিহাৰ্য হৈ পৰে। পৃথিৱীৰ বিভিন্ন দেশৰ কম্পিউটাৰ বিজ্ঞানীসকলে এই বিষয়ে বহু গৱষণা কৰি ইলেকট্ৰনিক মাধ্যমত আখৰ দেখাৰ বহু ধৰণৰ পদ্ধতি উদ্ভাৱন কৰে আৰু এই পদ্ধতিসমূহৰ নিজা নিজা দেশত প্ৰচলনো আৰম্ভ হয়। কিন্তু এনে দৰে বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰাৰ পিছত এটা নতুন ডাঙৰ সমস্যাই দেখা দিলে; সেইটো হ’ল, কোনো এটা সৰঞ্জামত কোনো এক পদ্ধতিৰে দেখা পোৱা আখৰ বা লিপিসমূহ আন এটা ইলেকট্ৰনিক সৰঞ্জামত দেখা পোৱা নাযায়, ফলস্বৰূপে কোনোটো পদ্ধতিয়ে স্থায়ী নহ’ল। এই সমস্যাটো আঁতৰাবলৈ কম্পিউটাৰ বিজ্ঞানীসকলক এনে এটা পদ্ধতিৰ প্ৰয়োজন হ’ল, যিটো পৃথিৱীৰ যিকোনো ইলেকট্ৰনিক সামগ্ৰী তথা যিকোনো অপাৰেটিং চিষ্টেমতে ব্যৱহাৰ কৰিব পৰা হ’ব আৰু পৃথিৱীৰ প্ৰায় সকলো ভাষাৰ লিপি দেখা আৰু ব্যৱহাৰ কৰিব পৰা যাব। মূলতঃ উপৰিউক্ত সমস্যাটো আঁতৰাবলৈ ১৯৯১ চনত এটা সম্পূৰ্ণ নতুন পদ্ধতি আৰম্ভ কৰা হয়। এই পদ্ধতিটোৰ নাম ‘ইউনিকোড’ (Unicode System)। এই পদ্ধতিৰ দ্বাৰা পৃথিৱীৰ যিকোনো কম্পিউটাৰ বা অন্যান্য ইলেকট্ৰনিক সামগ্ৰীত বিশ্বৰ প্ৰায় সকলোবোৰ ভাষাৰ লিপি সুচাৰু ৰূপে দেখা বা ব্যৱহাৰ কৰিব পাৰি। ইউনিকোডক আমি এনে এটা মাধ্যম বুলি ধৰিব পাৰোণ, যিটো ভৱিষ্যতে অতীব প্ৰয়োজনীয় বুলি গণ্য হ’ব।

♦ ইউনিকোড কি ?

এটা বাক্যত ক’বলৈ গ’লে, ইউনিকোড হ’ল— ‘এনে এটা পদ্ধতি, যাৰ দ্বাৰা বিশ্বৰ প্ৰায় সকলো ভাষাৰ লিপি-চিহ্নসমূহ পৰ্যায় ক্ৰমে একো একোটা বিশেষ মান বা স্থানত ৰখা অথবা ৰাখিবলৈ চেষ্টা কৰা হৈছে।’ এই পদ্ধতিটো ১৯৯১ চনত Unicode Inc. নামৰ এটা অপেছাদাৰী সংগঠনে আৰম্ভ কৰে। এতিয়া প্ৰথমে আমি ইউনিকোড কি এই বিষয়ে বুজিবলৈ চেষ্টা কৰিম। ইতিমধ্য কোৱা হৈছে যে এইটো এটা বিশেষ পদ্ধতিহে, অন্য একো নহয়। কথাটো আৰু সৰলভাৱে বুজিবলৈ চেষ্টা কৰোঁ— ধৰা হ’ল, কোনো এজন ব্যক্তিয়ে ক’লে— মোৰ এডাল দীঘল পেঞ্চিল আছে। এতিয়া এই বাক্যটো ফঁহিয়াই চাওঁ আহক, এই যে ‘দীঘল’ শব্দটো, এইটোৰ অৰ্থটো প্ৰকৃততে প্ৰকাশ পালে জানো? তেখেতৰ দীঘল মানে যিমান বুজালে বা বুজাব খুজিছে, অন্যৰ বাবে সেইটো দীঘল নহবও পাৰে, চুটিও হ’ব পাৰে বা বেছি দীঘলো হ’ব পাৰে। তেওঁ যদি কয়— ‘মোৰ এডাল এহাত দীঘল পেঞ্চিল আছে’ বা ‘মোৰ এডাল ১৫ চেঃ মিঃ দীঘল পেঞ্চিল আছে’, তেতিয়া? এতিয়া এই বাক্য দুটা আগৰটোতকৈ বেছি অৰ্থপূৰ্ণ হ’ল। ‘মোৰ এডাল এহাত/ এবেগেত দীঘল পেঞ্চিল আছে’— ইয়াত শ্ৰোতাই বুজি পাব যে পেঞ্চিলডাল এহাত/ এবেগেত দীঘল; কিন্তু ইয়াতো অলপ সমস্যা আছে, বিশ্বৰ সকলো মানুহে এই বাক্যটো বুজি পাবনে? নাপায়, কাৰণ এই এহাত/ এবেগেত আদি কোনো বিশেষ মানৰ আধাৰত নহয়, কথাটো আমাৰ আগতে ব্যৱ্হাৰ কৰা এপোৱা, এসেৰ আদিৰ ক্ষেত্ৰতো খাটে। শেষৰ বাক্যটো— ‘মোৰ এডাল ১৫ চেঃ মিঃ দীঘল পেঞ্চিল আছে’, এই কথাটো সম্পূৰ্ণভাৱে সকলোৱে বুজি পাব। ১৫ চেঃ মিঃ মানে কিমান দীঘল হ’ব, এইটো সকলোৱে বুজি পাব; কাৰণ এই ১৫ চেঃ মিঃ মানে কিমান দীঘল এই কথাটো MKS পদ্ধতিৰ ওপৰত আধাৰিত আৰু এই MKS পদ্ধতিটো এতিয়া বিশ্বৰ সকলো দেশতে স্বীকৃতিপ্ৰাপ্ত এটা মানদন্ড।

MKS পদ্ধতিৰ আগতে পৃথিৱীৰ বিভিন্ন দেশত নিজা নিজা কিছুমান স্থানীয় মানদন্ড আছিল, তাৰ ফলত কিছুমান অসুবিধাৰ সৃষ্টি হৈছিল।Unicode System-টো আমি এই MKS System-ৰ লগত কিছু পৰিমাণে ৰিজাব পাৰোঁ।( Unicode System-টো একেবাৰে MKS system-অৰ দৰে ঠিক নহয়, ইয়াত বুজাবলৈহে তুলনা কৰা হৈছে। ) Unicode System-অত পৃথিৱীৰ বিভিন্ন দেশত প্ৰচলিত সহস্ৰাধিক ভাষাৰ শত-সহস্ৰ চিহ্নৰ প্ৰতিটো চিহ্নৰ (Character) বাবে এটা নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰা হৈছে। এই কামটো তেওঁলোকে পৰ্যায় ক্ৰমে কৰি আহিছে। Unicode-এ বিশ্বৰ প্ৰতিটো ভাষাৰ বৰ্ণমালাৰ বাবে একোটা সুকীয়া ‘অঞ্চল’ (Range)-ৰ সৃষ্টি কৰিছে (বঙালী ভাষাৰ বাবে— U+0980-ৰ পৰা U+09FF-লৈ, দেৱনাগৰী (হিন্দী)ৰ বাবে U+0900-ৰ পৰা U+097F-লৈ, তামিল ভাষাৰ বাবে U+0B80-ৰ পৰা U+0BFF-লৈ ইত্যাদি)। এনেদৰে বিশ্বৰ প্ৰতিটো চিহ্নৰ বাবে একোটা বিশেষ স্থান নিৰ্ধাৰণ কৰাৰ বাবে বৰ্তমান বিশ্বত ব্যৱহাৰ হৈ থকা সকলো ইলেকট্ৰনিক সামগ্ৰীত (আৰু ভৱিষ্যতে আৱিষ্কৃত হ’ব লগা সামগ্ৰীসমূহতো) বিশ্বৰ সকলো ভাষা ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ হৈছে, সেইটো লাগিলে আমাৰ হাতত থকা মোবাইল হেণ্ডছেটেই হওক নাইবা মহাকাশত থকা উপগ্ৰহৰ মনিটৰ (Monitor) পৰ্দায়ে হওক।

ইউনিকোড পদ্ধতিৰ আগতে কি ব্যৱস্থা আছিল ?

ইউনিকোড পদ্ধতি হোৱাৰ আগতে, কম্পিউটাৰ বা অন্য ইলেকট্ৰনিক মাধ্যমত ব্যৱহাৰ কৰিবলৈ বিশ্বৰ প্ৰতিটো ভাষাৰে (অন্ততঃ যিকেইটা ভাষাৰ বাবে হৈছিল) বিভিন্ন পদ্ধতি আছিল, কিন্তু সেইবোৰৰ বহুতো সীমাবদ্ধতা আছিল। এখন দেশৰ পদ্ধতি অন্য এখন দেশৰ লগত নিমিলাৰ ফলত সেই পদ্ধতি কেবল এখন দেশত বা একোটা অঞ্চলতে ব্যৱহাৰ কৰিব পৰা গৈছিল। বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰে নিজা নিজা  একোটা পদ্ধতি আছিল। উদাহৰণ স্বৰূপে, ভাৰতবৰ্ষৰ পদ্ধতিটোৰ নাম আছিল— ISCII (Indian Standard Code for Information Interchange), আমেৰিকাৰ পদ্ধতিটোৰ নাম আছিল— ASCII (American Standard Code for Information Interchange)। এই ASCII পদ্ধতিটো বহুলভাৱে ব্যৱহৃত হৈছিল, ভাৰততো ইয়াৰ ব্যৱহাৰ হৈছিল। আমাৰ অসমৰ ডিটিপি চেণ্টাৰ (DTP Center)-বোৰত  বৰ্তমানে ব্যৱহাৰ হৈ থকা অসমীয়া আখৰবোৰৰ পদ্ধতি  ASCII-ৰ ওপৰত ভিত্তি কৰিয়েই তৈয়াৰ কৰা। আমাৰ বহুতৰে চিনাকি— Leap Office ভাৰতীয় ISCII পদ্ধতিৰ দ্বাৰা নিৰ্মিত। কিন্তু ইউনিকোড পদ্ধতি প্ৰচলিত হোৱাত এই বিভিন্ন দেশৰ নিজা নিজা পদ্ধতিবোৰৰ ক্ৰমান্বয়ে প্ৰচলন কমি আহিছে। ইউনিকোড পদ্ধতি ব্যৱহাৰৰ লগে লগে  আগৰ বেলেগ বেলেগ  ইলেকট্ৰনিক সামগ্ৰীত আখৰ দেখা নোপোৱা বা ব্যৱহাৰ কৰিব নোৱৰা সমস্যাটো  দূৰ হ’ল। যি ধৰণৰে সঁজুলি নহওক কিয়, এটা লিপিৰ একোটা  আখৰৰ (চিহ্ন) বাবে একেটাই স্থান।

ইউনিকোড কিয় অতি প্ৰয়োজনীয় ?

ইউনিকোডৰ এই পদ্ধতিটো বিশ্বৰ সকলো দেশে গ্ৰহণ কৰিছে। তদুপৰি মাইক্ৰছফ্‌ট, আই বি এম আদি বিশ্বৰ প্ৰায় সকলো সৰু-ডাঙৰ কোম্পানীয়ে ইয়াৰ নীতি-নিৰ্দেশনা মানি তেওঁলোকৰ শেহতীয়া আহিলাবোৰ তৈয়াৰ কৰিছে। যিবিলাক কোম্পানীয়ে এতিয়াও ইউনিকোড পদ্ধতি গ্ৰহণ কৰা নাই, তেওঁলোকেও সময়ত এই পদ্ধতিটো গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। এই পদ্ধতিৰ ফলত বিশ্বৰ যিকোনো ভাষাৰ লিপি সকলো ইলেকট্ৰনিক মাধ্যমৰ যোগেদি দেখা বা লিখা সহজ হৈ পৰিল, কম্পিউটাৰ তথা ইন্টাৰনেট এইখিনিতে বিশেষ ভাবে উল্লেখযোগ্য।

অলপ মন কৰিলে দেখা যাই যে মাইক্ৰছফ্‌টৰ পুৰণা Operating System, যেনে Windows 98 অথবা WindowsXP ৰ আৰম্ভণিৰ সংস্কৰণবোৰত এই পদ্ধতি নাছিল, বিশেষকৈ ইউনিকোড পদ্ধতিৰে অসমীয়া উপলদ্ধ নাছিল, সেই বাবে সেই সময়ৰ কম্পিউটাৰত অন্য ভাষাত লিখা বা পঢ়াটো সম্ভৱ নাছিল। কিন্তু যোৱা কেইবছৰৰ মানৰ পৰা, অসমীয়া লিখা আৰু পঢ়া আগতকৈ সহজ হৈ পৰিছে, ইয়াৰ মূল কাৰণ হ’ল এই ইউনিকোড পদ্ধতি। এনে উদাহৰণ আৰু আছে, যেনে— পুৰণা Internet Explorer-অত ইউনিকোড পদ্ধতিৰে লিখা আখৰবোৰ ভালকৈ দেখা নগৈছিল, কিন্তু এতিয়া সেইটো নহয়, সেই দৰে অলপ পুৰণা মোবাইল হেণ্ডছেটবোৰত অসমীয়া বা হিন্দী লিখা দেখা নগৈছিল, কাৰণ সেই সময়ৰ মোবাইল তৈয়াৰ কৰা কোম্পানীবোৰে এই পদ্ধতি অবলম্বন কৰা নাছিল, কিন্তু লাহে লাহে সকলোৱে এই পদ্ধতি পৰ্যায়ক্ৰমে গ্ৰহণ কৰাৰ ফলত স্থানীয় ভাষা ব্যৱহাৰ কৰিব পৰা গৈছে।

ইউনিকোড পদ্ধতি যদি আমি অসমীয়া ভাষাৰ বাবে গ্ৰহণ নকৰোঁ বা ইয়াৰ অন্য কোনো বিকল্প ব্যৱস্থা গ্ৰহণ কৰোঁ, তেতিয়া হ’লে কিবা সমস্যা হ’ব পাৰে নেকি ?

এক প্ৰকাৰে কবলৈ গ’লে, ইউনিকোড পদ্ধতি আমি গ্ৰহণ কৰিবলৈ বাধ্য; কাৰণ আমি যদি ইয়াৰ বিকল্প ব্যৱস্থা এটা লওঁ, তেতিয়া হলে আমাৰ ভাষাটো আমি কেতিয়াও বিশ্বজনীন কৰিব নোৱাৰিম। ধৰা হ’ল, আমি এটা বিকল্প ব্যৱস্থা কৰি ল’লো, এই বিকল্প ব্যৱস্থাটো অন্য কোম্পানী বা কাৰিকৰী প্ৰতিষ্ঠানসমূহেও গ্ৰহণ কৰিব লাগিব, যিটো প্ৰায়োগিকভাৱে সম্ভৱ নহয়। দ্বিতীয়তে এইদৰে যদি বিশ্বৰ প্ৰতিটো ভাষাই একোটা বেলেগ বেলেগ নিজা পদ্ধতি লয় (যিবোৰ পদ্ধতি ইউনিকোড প্ৰচলিত হোৱাৰ আগতে আছিলেই), তেনেহ’লে কোনো ভাষায়ে সম্পূৰ্ণ অৰ্থত বিশ্বায়িত ৰূপ নাপাব আৰু এটা বেমেজালিৰ সৃষ্টি হ’ব।

ইউনিকোড ফণ্ট মানে কি ?

আমাৰ বহুতৰে এনে এটা ধাৰণা আছে যে— ইউনিকোড মানে হ’ল এক প্ৰকাৰৰ ফণ্ট, যাৰ দ্বাৰা কম্পিউটাৰত বা ইণ্টাৰনেটত অসমীয়া আখৰ লিখিব বা পঢ়িব পাৰি; এইটো এটা ভুল ধাৰণা। কোনো এটা ফণ্ট  ইউনিকোড ফণ্ট হ’ব পাৰে, কিন্তু ইউনিকোড মানে ফণ্ট নহয়। ইউনিকোড পদ্ধতি অবলম্বন কৰি যিবোৰ ফণ্ট তৈয়াৰ কৰা হয়, সেইবোৰেই ইউনিকোড ফণ্ট। কম্পিউটাৰত, বিশেষকৈ ইন্টাৰনেটত অসমীয়া বা অন্য ভাষাক মাধ্যম হিছাপে ব্যৱহাৰ কৰিবলৈ হ’লে এই পদ্ধতিৰ ফণ্ট কম্পিউটাৰত থকাটো অতিকে জৰুৰী।

ইউনিকোডৰ ব্যৱহাৰিক দিশ আৰু ভৱিষ্যৎ

যি সকলে ইয়াক ব্যৱহাৰ কৰি আছে, তেখেত সকলক ইয়াৰ বিষয়ে ন-কৈ কোৱাৰ প্ৰয়োজন নাই। তথাপিও এইখিনিতে  উনুকিয়াই থওঁ, কোনো আঞ্চলিক ভাষাক মাধ্যম কৰি কম্পিউটাৰৰ কোনো কাম কৰিবলৈ হ’লে ইয়াৰ সহায় ল’ব‍ই লাগিব, সেইটো লাগিলে এটা সাধাৰণ ই-মেইলেই হওক বা এটা পূৰ্ণ পৰ্যায়ৰ ৱেবছাইটেই হওক।

আমাৰ মাধ্যমিক পৰীক্ষাসমূহ এতিয়াও Online  হোৱা নাই, কিন্তু এনে এটা দিন অতি সোনকালেই আহিব, যিদিনা অসমীয়া পৰীক্ষাসমূহ ইউনিকোড পদ্ধতিৰ সহায়ত Online পদ্ধতিৰে হ’ব। অসমীয়া ভাষাৰ প্ৰসাৰ এতিয়াও আঞ্চলিক বা কেবল অসমতেই সীমাবদ্ধ হৈ আছে, আমাৰ প্ৰকাশৰ মাধ্যম এতিয়াও ছপাশাল বা কাগজ হৈ আছে, কিন্তু অদূৰ ভৱিষ্যতে এই কাগজৰ সলনি ইউনিকোড আমাৰ প্ৰকাশৰ মাধ্যম হৈ পৰিব। আমাৰ ধাৰণা, তেতিয়া অসমীয়া ভাষাই  প্ৰসাৰৰ বাবে এটা নতুন পৰিৱেশ পাব। (ক্ৰমশঃ)

অহা সংখ্যতঃ ইউনিকোড তালিকাত অসমীয়া লিপিৰ স্থান আৰু অন্যান্য প্ৰসংগ

নীলা চৰাই . জানুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

5 Comments on "ইউনিকোডঃ এক নতুন যুগৰ আৰম্ভণি"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Abid Azad
Guest

Prabandho tu porhi bhal lagil aru kisu nojona kothao janilu. Asha koru oha sankhya,tu ekedore bhal lagibo.

Personal computer,t Assamese unicode kidore setting karibo pari sei kotha tu jonale besi labhannito holu heten!!

বনজীত্‍ পাঠক
Guest
বনজীত্‍ পাঠক

মতামতৰ বাবে ধন্যবাদ, ভবিষ্যতে  আপুনি কোৱা কথাখিনিৰ ওপৰতো পাৰিল আলোকপাত কৰিম .. |  ইউনিকোড সম্বন্ধীয় আৰু অন্য কিবা জানিব লগীয়া থাকিলে , অনুগ্ৰহ কৰি ব্যক্তিগত ভাবে এই আলোচনীৰ সম্পাদকৰ লগত যোগাযোগ কৰক |  আপোনাক সহায় কৰিবলৈ যতপৰোনাস্তি  চেষ্টা কৰা হ’ব |
ধন্যবাদ

দীপ জ্যোতি দাস
Guest
দীপ জ্যোতি দাস

বৰ ভাল লাগিল প্ৰৱন্ধটো পঢ়ি ৷ আশা কৰোঁ ভবিষ্যতে আৰু ইনফৰমেশন টেকনলজী সন্বন্ধীয় প্ৰৱন্ধ পঢ়িলে পাম ৷

Great job.

trackback

[…] (যোৱা সংখ্যাৰ পিছৰ পৰা। এই প্ৰবন্ধৰ পূৰ্বৰ খণ্ড ইয়াত পাব) […]

trackback

[…] বাবে উন্মুক্ত।(ইউনিকোড সম্পৰ্কীয় এটা প্ৰবন্ধ ‘নীলা চৰাই’ৰ এই সংখ্যাত প্ৰকাশিত […]

wpDiscuz