জলকুঁৱৰীৰ সপোন

[ চন্দন চিৰিং ফুকন ]image
 
পানী ভাঙি উঠি আহে তাই মাজৰাতি

প্রতিজোপা গছে দলিয়াই পেলায়
এঙেৰুৱা আন্ধাৰৰ টোপনি
মোৰ শৰীৰত বনৰীয়া সুৰ এটা গজে
তাই মেৰিয়াই লোৱা
মাছৰ গোন্ধত
এলান্ধু আকাশখনেএঙামুৰি দি উঠে

ডাৱৰ ফালি নামি আহে সোণালী কালপুৰুষ
ক’ৰবাত ফুলৰ চুবুৰি এটাই সাৰ পায়

নৈপৰীয়া বালিত ভিজি সেউজীয়া হয় মোৰ যৌৱন
প্রত্যেক ৰাতি তাইৰ চকুত চকু থওঁ এনেকৈয়ে
একাবেঁকা সাপ এডাল হৈ পৰাৰ স্পষ্ট বাসনাত।

ছবিঃ ক্ৰিয়েটিভ কমন্স এট্ৰিবিউশ্বন নন-কমাৰ্চিয়েল ২.০ জেনেৰিক লাইচেন্সৰ আধাৰত উপলব্ধ।
মূল ৱেবছাইটঃ ফ্লিকআৰ

নীলা চৰাই . জানুৱাৰী ২০১২

আপোনাৰ আৰু ভাল লাগিব পাৰে:

সম্পাদক

editor@nilacharai.com

Leave a Reply

1 Comment on "জলকুঁৱৰীৰ সপোন"

মন্তব্য দিয়ক:

Sort by:   newest | oldest | most voted
Abid Azad
Guest

Shree Fukono,r saanketik o artho ghan kabita ti pohi khantekor babe mon hindolito hoi poril… Parabarti sankhya,t akou ketiaba apunar kabita pohiba pam buli asha rakhilu.

wpDiscuz